Psalms 137
1বাবিলৰ নদীবোৰৰ তীৰত বহি আমি কান্দিছিলো,যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল।
2সেই ঠাইৰ মাজত থকা বাইচী গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।
3কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীসকলে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল;
তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”
4আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?
5হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাত যেন নিজে অকেজা হৈ যায়। 6যদি মই তোমাক সোঁৱৰণ নকৰোঁ,
যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো,,
তেন্তে, মোৰ জিভা তালুত লাগি ধৰক।
7হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াসকলে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোৱঁৰণ কৰা; তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা,
একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
8হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা,
ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।
ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।
9
Copyright information for
AsmULB